মন্টেস্কু
এজন অজ্ঞাত চিত্ৰকৰে অঁকা ছবি, প্ৰায় 1753–1794 | |
| সম্পূৰ্ণ নাম | মণ্টেস্কু |
|---|---|
| জন্ম | ১৮ জানুৱাৰী, ১৬৮৯ Château de la Brède, La Brède, Aquitaine, France |
| মৃত্যু | ১০ ফেব্ৰুৱাৰী, ১৭৫৫ (৬৬ বছৰ) Paris, France |
| যুগ | 18th-century philosophy |
| অঞ্চল | পশ্চিমীয়া দৰ্শন |
| ধাৰা | Enlightenment Classical liberalism |
| আগ্ৰহ | ৰাজনৈতিক দৰ্শন |
| উল্লেখযোগ্য কৰ্ম | Separation of state powers: executive, legislative, judicial; classification of systems of government based on their principles |
| স্বাক্ষৰ | |
চাৰ্লছ লুই ডি চেকেণ্ডেট, বেৰন ডি লা ব্ৰেড এট ডি মন্টেস্কু [টোকা 1] (১৮ জানুৱাৰী ১৬৮৯ – ১০ ফেব্ৰুৱাৰী ১৭৫৫ চনত), সাধাৰণতে মণ্টেস্কু বুলি কোৱা হয়, এজন ফৰাচী বিচাৰক, বুদ্ধিজীৱী, ইতিহাসবিদ আৰু ৰাজনৈতিক দাৰ্শনিক আছিল।
সমগ্ৰ বিশ্বৰ বহু সংবিধানত কাৰ্যকৰী হোৱা ক্ষমতা পৃথকীকৰণ তত্ত্বৰ তেওঁৰ পৰাই আৰম্ভণি হৈছিল। ৰাজনৈতিক শব্দকোষত 'স্বৈৰতন্ত্ৰ' শব্দটোৱে স্থান লাভ কৰাৰ ক্ষেত্ৰতো আন যিকোনো লেখকতকৈ তেওঁৰ অৱদান অধিক বুলি গণ্য কৰা হয়। তেওঁৰ বেনামীভাৱে প্ৰকাশিত দ্য স্পিৰিট অৱ ল ( De l'esprit des lois, 1748), গ্ৰন্থখনৰ প্ৰথম ইংৰাজীলৈ কৰা অনুবাদৰ বাবে থমাছ নুজেণ্টে (১৭৫০ চনৰ সংস্কৰণ) গ্ৰেট ব্রিটেইন আৰু আমেৰিকা উভয়তে বিশেষ সমাদৰ লাভ কৰে আৰু আমেৰিকাৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰাতে আমেৰিকাৰ প্ৰতিষ্ঠাপক পিতৃসকলক ই বিশেষভাৱে প্ৰভাৱিত কৰে।
ইতিহাসৰ দৰ্শন
[সম্পাদনা কৰক]মণ্টেস্কুৰ ইতিহাসৰ দৰ্শনে ব্যক্তি আৰু ঘটনাসমূহৰ ভূমিকাক কম গুৰুত্ব প্ৰদান কৰিছিল। তেওঁ 'Considerations on the Causes of the Greatness of the Romans and their Decline' নামৰ গ্ৰন্থখনত এই দৃষ্টিভংগী ব্যক্ত কৰিছিল যে প্ৰতিটো ঐতিহাসিক ঘটনা একোটা প্ৰধান গতিবিধিৰ দ্বাৰা পৰিচালিত হৈছিল:
It is not chance that rules the world. Ask the Romans, who had a continuous sequence of successes when they were guided by a certain plan, and an uninterrupted sequence of reverses when they followed another. There are general causes, moral and physical, which act in every monarchy, elevating it, maintaining it, or hurling it to the ground. All accidents are controlled by these causes. And if the chance of one battle—that is, a particular cause—has brought a state to ruin, some general cause made it necessary for that state to perish from a single battle. In a word, the main trend draws with it all particular accidents.[3]
প্ৰজাতন্ত্ৰৰ পৰা সাম্ৰাজ্যলৈ হোৱা পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰোঁতে তেওঁ এই মত প্ৰকাশ কৰিছিল যে যদি ছিজাৰ আৰু পম্পেই প্ৰজাতন্ত্ৰৰ চৰকাৰখন দখল কৰিবলৈ প্ৰয়াস নকৰিলেহেঁতেন, তেন্তে তেওঁলোকৰ স্থানত আন লোকৰ উত্থান ঘটিলহেঁতেন। ইয়াৰ কাৰণ ছিজাৰ বা পম্পেৰ উচ্চাকাংক্ষা নাছিল, বৰঞ্চ মানুহৰ উচ্চাকাংক্ষাহে আছিল।
ৰাজনৈতিক মতামত
[সম্পাদনা কৰক]মণ্টেস্কুক নৃতত্ত্বৰ অন্যতম জনক হিচাপে স্বীকৃতি দিয়া হয়, যাৰ ভিতৰত হেৰোডটাছ আৰু টেচিটাছো অন্তৰ্ভুক্ত—তেওঁ মানৱ সমাজৰ ৰাজনৈতিক ৰূপসমূহৰ ক্ষেত্ৰত তুলনামূলক শ্ৰেণীবিভাজন পদ্ধতি প্ৰয়োগ কৰা প্ৰথম ব্যক্তিসকলৰ ভিতৰত এজন আছিল। দৰাচলতে, ফৰাচী ৰাজনৈতিক নৃতত্ত্ববিদ জৰ্জেছ বেলাণ্ডিয়াৰে মণ্টেস্কুক "এনে এক বৈজ্ঞানিক প্ৰয়াসৰ সূচনাকাৰী হিচাপে গণ্য কৰিছিল যিয়ে কিছু সময়ৰ বাবে সাংস্কৃতিক আৰু সামাজিক নৃতত্ত্বৰ ভূমিকা পালন কৰিছিল"। সামাজিক নৃতত্ত্ববিদ ডি. এফ. প'ককৰ মতে, মণ্টেস্কুৰ 'The Spirit of Law' আছিল "মানৱ সমাজৰ বৈচিত্ৰ্যৰ জৰীপ কৰা, সেইবোৰক শ্ৰেণীভুক্ত আৰু তুলনা কৰা আৰু সমাজৰ ভিতৰত প্ৰতিষ্ঠানসমূহৰ পাৰস্পৰিক কাৰ্যপ্ৰণালী অধ্যয়ন কৰাৰ প্ৰথমটো সুসংগত প্ৰচেষ্টা।" ডেভিড ডব্লিউ. কেৰিথাৰ্ছে উল্লেখ কৰিছে যে, "এমিল ডুৰখেইমে আনকি এই পৰ্যন্ত মত প্ৰকাশ কৰিছিল যে সামাজিক পৰিঘটনাসমূহৰ পাৰস্পৰিক সম্পৰ্কৰ এই উপলব্ধিৰ বাবেই সমাজ বিজ্ঞানৰ জন্ম হৈছিল।"
মণ্টেস্কুৰ ৰাজনৈতিক নৃতত্ত্বই তেওঁৰ এই প্ৰভাৱশালী দৃষ্টিভংগীৰ জন্ম দিছিল যে চৰকাৰৰ ৰূপসমূহ নিৰ্দিষ্ট শাসন নীতিৰ দ্বাৰা সমৰ্থিত হয়: প্ৰজাতন্ত্ৰৰ বাবে সততা, ৰাজতন্ত্ৰৰ বাবে সন্মান আৰু স্বৈৰতন্ত্ৰৰ বাবে ভয়। কাৰ্যপালিকা, বিধায়িনী আৰু ন্যায়িক ক্ষমতা পৃথক কৰি ইংৰাজসকলে কেনেদৰে স্বাধীনতা লাভ কৰিছিল, সেই বিষয়ে আমেৰিকাৰ প্ৰতিষ্ঠাপকসকলে মণ্টেস্কুৰ দৃষ্টিভংগী অধ্যয়ন কৰিছিল। ইয়াৰ উপৰিও, প্ৰচলিত ৰাছিয়ান আইন সংহিতা স্পষ্ট কৰিবলৈ গঠন কৰা বিধায়িনী সভাৰ বাবে যেতিয়া কেথেৰিন দ্য গ্ৰেটে তেওঁৰ 'নাকাজ' (নিৰ্দেশনা) লিখিছিল, তেতিয়া তেওঁ মণ্টেস্কুৰ 'The Spirit of Law'ৰ পৰা যথেষ্ট সমল গ্ৰহণ কৰা বুলি স্বীকাৰ কৰিছিল, যদিও ৰাছিয়াৰ নিৰংকুশ আমোলাতান্ত্ৰিক ৰাজতন্ত্ৰক সমৰ্থন নকৰা অংশসমূহ তেওঁ বাদ দিছিল বা সলনি কৰিছিল।
মণ্টেস্কুৰ আটাইতকৈ প্ৰভাৱশালী ৰচনাই ফৰাচী সমাজক তিনিটা শ্ৰেণীত বিভক্ত কৰিছিল (বা ত্ৰিয়াছ পলিটিকা, যিটো শব্দ তেওঁ উদ্ভাৱন কৰিছিল): ৰাজতন্ত্ৰ, অভিজাত শ্ৰেণী আৰু সাধাৰণ জনতা। মণ্টেস্কুৱে দুই ধৰণৰ চৰকাৰী ক্ষমতাৰ অস্তিত্ব উপলব্ধি কৰিছিল: সাৰ্বভৌম আৰু প্ৰশাসনিক। প্ৰশাসনিক ক্ষমতাসমূহ আছিল কাৰ্যপালিকা, বিধায়িনী আৰু ন্যায়িক। এইবোৰ ইটোৱে সিটোৰ পৰা পৃথক থকাৰ লগতে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হোৱা উচিত, যাতে যিকোনো এটা ক্ষমতাৰ প্ৰভাৱ এককভাৱে বা সন্মিলিতভাৱে আন দুটাতকৈ অধিক হ'ব নোৱাৰে।
এইটো আছিল এক আমূল পৰিৱৰ্তনকামী ধাৰণা কিয়নো ই ফৰাচী ৰাজতন্ত্ৰৰ তিনিটা এষ্টেটৰ গাঁথনিক অনুসৰণ কৰা নাছিল: যাজক শ্ৰেণী, অভিজাত শ্ৰেণী আৰু এষ্টেটছ-জেনেৰেলৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা সাধাৰণ জনতা, যাৰ ফলত সামন্তবাদী গাঁথনিৰ অন্তিম অৱশেষখিনিও বিলুপ্ত হৈছিল।
ক্ষমতা পৃথকীকৰণৰ তত্ত্বটো বহুলাংশে The Spirit of Law ৰ পৰা উদ্ভৱ হৈছে :
In every state there are three kinds of power: the legislative authority, the executive authority for things that stem from the law of nations, and the executive authority for those that stem from civil law. By virtue of the first, the prince or magistrate enacts temporary or perpetual laws, and amends or abrogates those that have been already enacted. By the second, he makes peace or war, sends or receives embassies, establishes the public security, and provides against invasions. By the third, he punishes criminals, or determines the disputes that arise between individuals. The latter we shall call the judiciary power, and the other, simply, the executive power of the state.
— The Spirit of Law, XI, 6.
মণ্টেস্কুৱে যুক্তি আগবঢ়ায় যে প্ৰত্যেকটো ক্ষমতাই কেৱল নিজৰ কাৰ্যসমূহহে সম্পাদন কৰা উচিত; এই ক্ষেত্ৰত তেওঁ অতি স্পষ্ট:
When in the same person or in the same body of magistracy the legislative authority is combined with the executive authority, there is no freedom, because one can fear lest the same monarch or the same senate make tyrannical laws in order to carry them out tyrannically.
Again there is no freedom if the authority to judge is not separated from the legislative and executive authorities. If it were combined with the legislative authority, power over the life and liberty of the citizens would be arbitrary, for the judge would be the legislator. If it were combined with the executive authority, the judge could have the strength of an oppressor.
All would be lost if the same man or the same body of principals, or of nobles, or of the people, exercised these three powers: that of making laws, that of executing public resolutions, and that of judging crimes or disputes between individuals.
— The Spirit of Law, XI, 6.
মণ্টেস্কুৱে আঙুলিয়াই দিয়াৰ দৰে, যদি বিধায়িনী শাখাই কাৰ্যপালিকা আৰু ন্যায়িক ক্ষমতাসমূহক নিযুক্তি দিয়ে, তেন্তে ইয়াৰ ক্ষমতাসমূহৰ কোনো পৃথকীকৰণ বা বিভাজন নাথাকিব, যিহেতু নিযুক্তি দিয়াৰ ক্ষমতাৰ লগতে প্ৰত্যাহাৰ কৰাৰ ক্ষমতাও নিহিত হৈ থাকে।
The executive authority must be in the hands of a monarch, for this part of the government, which almost always requires immediate action, is better administrated by one than by several, whereas that which depends on the legislative authority is often better organized by several than by one person alone.
If there were no monarch, and the executive authority were entrusted to a certain number of persons chosen from the legislative body, that would be the end of freedom, because the two authorities would be combined, the same persons sometimes having, and always in a position to have, a role in both.— The Spirit of Law, XI, 6.
মণ্টেস্কুৱে চৰকাৰৰ তিনিটা প্ৰধান ৰূপ চিহ্নিত কৰিছে, যিবোৰৰ প্ৰতিটোৱেই একোটা সামাজিক "নীতি"ৰ দ্বাৰা সমৰ্থিত: ৰাজতন্ত্ৰ (বংশানুক্ৰমিক ব্যক্তি, যেনে- ৰজা, ৰাণী বা সম্ৰাটৰ দ্বাৰা পৰিচালিত স্বাধীন চৰকাৰ), যি সন্মানৰ নীতিৰ ওপৰত নিৰ্ভৰ কৰে; প্ৰজাতন্ত্ৰ (জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত নেতাসকলৰ দ্বাৰা পৰিচালিত স্বাধীন চৰকাৰ), যি সততাৰ নীতিৰ ওপৰত নিৰ্ভৰ কৰে; আৰু স্বৈৰতন্ত্ৰ (পৰাধীন), যি স্বৈৰাচাৰী শাসকৰ দ্বাৰা পৰিচালিত আৰু ভয়ৰ ওপৰত নিৰ্ভৰ কৰে।
স্বাধীন চৰকাৰসমূহ এনে সাংবিধানিক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল যিয়ে নিয়ন্ত্ৰণ আৰু ভাৰসাম্য (checks and balances) স্থাপন কৰে। মণ্টেস্কুৱে তেওঁৰ 'The Spirit of Law' গ্ৰন্থৰ এটা অধ্যায় ইংলেণ্ডৰ সংবিধানে কেনেদৰে স্বাধীনতা বজাই ৰাখিছিল তাৰ আলোচনাৰ বাবে (XI, 6) আৰু আন এটা অধ্যায় ইংৰাজ ৰাজনীতিৰ বাস্তৱতাৰ বাবে উছৰ্গা কৰিছে (XIX, 27)। আনহাতে ফ্ৰান্সৰ ক্ষেত্ৰত, চতুৰ্দশ লুইৰ দ্বাৰা মধ্যৱৰ্তী ক্ষমতাসমূহ (অভিজাত শ্ৰেণীকে ধৰি) আৰু পাৰ্লিয়ামেণ্টসমূহ দুৰ্বল হৈ পৰিছিল, সেয়েহে তেওঁলোকে ১৭১৫ চনত পাৰ্লিয়ামেণ্টৰ ক্ষমতাৰ সুদৃঢ়কৰণক আদৰণি জনাইছিল।
মণ্টেস্কুৱে 'The Spirit of Law' গ্ৰন্থত দাসপ্ৰথাৰ সংস্কাৰৰ পোষকতা কৰিছিল। তেওঁ বিশেষভাৱে এই যুক্তি আগবঢ়াইছিল যে দাসপ্ৰথা মূলতঃ ভুল কিয়নো সকলো মানুহ সমান হৈ জন্মগ্ৰহণ কৰে, কিন্তু তীব্ৰ গৰম জলবায়ুৰ প্ৰেক্ষাপটত ইয়াক হয়তো ন্যায্য বুলি ক'ব পৰা যায়, য'ত শ্ৰমিকসকলে স্বেচ্ছাই কাম কৰিবলৈ কম আগ্ৰহ প্ৰকাশ কৰে।তেওঁৰ এই পোষকতাৰ অংশ হিচাপে তেওঁ দাসপ্ৰথাৰ সমৰ্থনত যুক্তিসমূহৰ এখন ব্যংগাত্মক কাল্পনিক তালিকা দাঙি ধৰিছিল। এই কাল্পনিক তালিকাত, তেওঁ কোনো অতিৰিক্ত মন্তব্য নকৰাকৈ শ্লেষাত্মকভাৱে দাসপ্ৰথাৰ সপক্ষে যুক্তিসমূহ সন্নিৱিষ্ট কৰিছিল, যাৰ ভিতৰত এটা যুক্তি আছিল যে দাসসকলৰ বিনামূলীয়া শ্ৰমৰ অবিহনে চেনী অত্যাধিক ব্যয়বহুল হৈ পৰিব। [4]
তেওঁৰ 'General Theory' ৰ ফৰাচী পাঠকসকলক সম্বোধন কৰোঁতে জন মেইনাৰ্ড কেইনছে মণ্টেস্কুক এইদৰে বৰ্ণনা কৰিছিল, "আডাম স্মিথৰ প্ৰকৃত ফৰাচী সমকক্ষ, আপোনালোকৰ শ্ৰেষ্ঠ অৰ্থনীতিবিদ, যি গভীৰ অন্তৰ্দৃষ্টি, স্পষ্ট চিন্তাধাৰা আৰু সুবুদ্ধিৰ (যিবোৰ এজন অৰ্থনীতিবিদৰ থাকিবলগীয়া গুণ) ক্ষেত্ৰত ফিজিঅ'ক্ৰেটসকলতকৈ বহুগুণে শ্ৰেষ্ঠ।"[5]
স্মৃতিচাৰণ
[সম্পাদনা কৰক]১৯৮১ চনৰ পৰা ১৯৯৪ চনৰ ভিতৰত ২০০ মূল্যৰ ফৰাচী ফ্ৰাংক নোটত মণ্টেস্কুৰ ছবি প্ৰকাশ পাইছিল। [6]

১৯৮৯ চনৰ পৰা, ফৰাচী ৰাজনৈতিক ধাৰণাৰ ইতিহাসবিদ সংস্থাৰ দ্বাৰা ৰাজনৈতিক চিন্তাৰ ইতিহাসৰ ওপৰত ফৰাচী ভাষাৰ শ্ৰেষ্ঠ গৱেষণা পত্ৰৰ বাবে বাৰ্ষিক মণ্টেস্কু বঁটা প্ৰদান কৰি অহা হৈছে। [7]
২০০৭ চনৰ ইউৰোপ দিৱসত, ইউৰোপীয় ইউনিয়ন আৰু ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ সংসদীয় ইতিহাস আৰু ৰাজনৈতিক সংস্কৃতিৰ ওপৰত গৱেষণা আৰু শিক্ষাৰ প্ৰসাৰৰ লক্ষ্যৰে নেদাৰলেণ্ডৰ দ্য হেগত মণ্টেস্কু ইনষ্টিটিউট মুকলি কৰা হয়। [8]
ইউৰোপীয় ইউনিয়নৰ ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়ৰ এক সংযোজন হিচাপে ২০০৮ চনত লাক্সেমবাৰ্গৰ মণ্টেস্কু টাৱাৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল। এই অট্টালিকাটোত প্ৰতিষ্ঠানটোৰ বহুতো অনুবাদ সেৱা অৱস্থিত। ২০১৯ চনলৈকে, ইয়াৰ ভগ্নী টাৱাৰ 'কোমেনিয়াছ'ৰ সৈতে এইটো দেশখনৰ আটাইতকৈ ওখ অট্টালিকা আছিল। [9]
প্ৰধান কৰ্মৰাজিৰ তালিকা
[সম্পাদনা কৰক]- Memoirs and discourses at the Academy of Bordeaux (1718–1721): including discourses on echoes, on the renal glands, on weight of bodies, on transparency of bodies and on natural history, collected with introductions and critical apparatus in volumes 8 and 9 of Œuvres complètes, Oxford and Naples, 2003–2006.
- Spicilège (Gleanings, 1715 onward)
- Lettres persanes (Persian Letters, 1721)
- Le Temple de Gnide (The Temple of Gnidos, a prose poem; 1725)
- Histoire véritable (True History, an "Oriental" tale; c. 1723–c. 1738)
- Considérations sur les causes de la grandeur des Romains et de leur décadence (Considerations on the Causes of the Greatness of the Romans and their Decline, 1734) at Gallica
- Arsace et Isménie (Arsace and Isménie, a novel; 1742)
- De l'esprit des lois ((On) The Spirit of Law, 1748) (volume 1 and volume 2 from Gallica)
- Défense de "L'Esprit des lois" (Defense of "The Spirit of Law", 1750)
- Essai sur le goût (Essay on Taste, published posthumously in 1757)
- Mes Pensées (My Thoughts, 1720–1755)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Montesquieu" Archived 21 November 2014 at the Wayback Machine. Random House Webster's Unabridged Dictionary.
- ↑ Wells, John C. (2008). Longman Pronunciation Dictionary (3তম সম্পাদনা). Longman. ISBN 978-1-4058-8118-0.
- ↑ Montesquieu (1734), Considerations on the Causes of the Greatness of the Romans and their Decline, The Free Press, http://www.constitution.org/cm/ccgrd_l.htm, আহৰণ কৰা হৈছে: 30 November 2011 Ch. XVIII.
- ↑ Mander, Jenny.
- ↑ See the preface Archived 10 November 2014 at the Wayback Machine to the French edition of Keynes' General Theory.
- ↑ "200 Francs Montesquieu | Grand choix de billets de collection de la BDF" (fr-FR ভাষাত). Bourse du collectionneur. https://www.bourseducollectionneur.com/product-category/billets/billet-de-la-banque-de-france/200-francs/200-francs-montesquieu/। আহৰণ কৰা হৈছে: 1 October 2023.
- ↑ "Prix Montesquieu – Association Française des Historiens des idées politiques" (fr-fr ভাষাত). univ-droit.fr : Portail Universitaire du droit. https://univ-droit.fr/recherche/actualites-de-la-recherche/appels/23817-prix-montesquieu-association-francaise-des-historiens-des-idees-politiques। আহৰণ কৰা হৈছে: 1 October 2023.
- ↑ "Start Montesquieu Instituut" (nl ভাষাত). www.montesquieu-instituut.nl. https://www.montesquieu-instituut.nl/id/vhkk9zuy1xnr/start_montesquieu_instituut। আহৰণ কৰা হৈছে: 1 October 2023.
- ↑ "Montesquieu Tower" (en ভাষাত). Europa (web portal). https://curia.europa.eu/jcms/jcms/p1_3943798/en/। আহৰণ কৰা হৈছে: 1 October 2023.[সংযোগবিহীন উৎস]
- ↑ US: /ˈmɒntəskjuː/,[1] UK: /ˌmɒntɛˈskjɜː/;[2] French: [ʃaʁl lwi də səɡɔ̃da baʁɔ̃ də la bʁɛd e də mɔ̃tɛskjø].
<ref> টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্ পোৱা নগ'ল