সমললৈ যাওক

২ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১১২১৩১৪১৫১৬১৭
১৮১৯২০২১২২২৩২৪
২৫২৬২৭২৮২৯৩০৩১

২ জানুৱাৰী (ইংৰাজী: 2 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২য় দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬৪টা দিন (অধিবৰ্ষত ৩৬৫টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

[সম্পাদনা কৰক]
  • ১৭৫৭ - কলিকতা পুনৰ দখল, ৰবাৰ্ট ক্লাইভে ব্ৰিটিছ বাহিনীৰ নেতৃত্বত নবাব ছিৰাজ-উদ-দৌলাৰ পৰা কলিকতা (বৰ্তমান কলকাতা) পুনৰ দখল কৰে, যিটো ভাৰতত ব্ৰিটিছ শাসন সম্প্ৰসাৰণৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত।
  • ১৯৪২ খৃঃ - জাপানী বাহিনীৰ দ্বাৰা ফিলিপাইনছৰ ৰাজধানী মানিলা দখল।
  • ১৯৫৪ - ৰাষ্ট্ৰীয় বঁটা প্ৰতিষ্ঠান, ভাৰত চৰকাৰে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন আৰু পদ্ম বিভূষণ বঁটাৰ প্ৰৱৰ্তন ।
  • ১৯৭৩ - ফিল্ড মাৰ্শ্বাল ৰেংক, জেনেৰেল ছেম মানেকশ্ক ফিল্ড মাৰ্শ্বাল পদবী প্ৰদান কৰি এই পাঁচ তাৰকা পদ অৰ্জন কৰা প্ৰথমজন ভাৰতীয় সেনা বিষয়া হিচাপে পৰিগণিত হয়।
  • ২০২০ - চন্দ্ৰলৈ চন্দ্ৰযান-৩ অভিযানৰ বাবে ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন জনায়।
  • ১৮২২ - ৰুডলফ ক্লছিয়াছ, জাৰ্মান পদাৰ্থবিজ্ঞানী।
  • ১৮৯৬ - খগেন্দ্ৰনাথ মিত্ৰ, ভাৰতীয় শিশু সাহিত্যিক।
  • ১৮৯৯ - সুকুমাৰ সেন, ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত, যিয়ে দেশৰ প্ৰথম দুটা সাধাৰণ নিৰ্বাচনৰ তদাৰক কৰিছিল।
  • ১৯০৫ - জৈনেন্দ্ৰ কুমাৰ, হিন্দী সাহিত্যৰ মনোবিশ্লেষণমূলক পৰম্পৰাৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা এজন প্ৰভাৱশালী হিন্দী ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ।
  • ১৯২০ - আইজাক এছিমভ, প্ৰখ্যাত বিজ্ঞান কল্প-লেখক।
  • ১৯৩৭ - চন্দ্ৰশেখৰ কম্বাৰ, ভাৰতীয় কবি, নাট্যকাৰ, লোকসাহিত্যকাৰ, কানাড়া ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু হাম্পিৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য।
  • ১৯৫৯ - কীৰ্তি আজাদ, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য।
  • ১৯৭০ - বুলা চৌধুৰী, এগৰাকী ভাৰতীয় প্ৰাক্তন সাঁতোৰবিদ। তেওঁ অৰ্জুন বঁটা বিজয়ী, পদ্মশ্ৰী বঁটা বিজয়ী, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰীয় মহিলা সাঁতোৰ চেম্পিয়ন ।
  • ১৯৯৭ - অৰ্শদ নাদীম, পাকিস্তানী জেভেলিন নিক্ষেপকাৰী।
  • ১৯৬৭ - অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, অসমীয়া কবি, গীতিকাৰ, গায়ক, গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী।
  • ১৯৭৫ - ললিত নাৰায়ণ মিশ্ৰ, বিহাৰৰ সমস্তীপুৰত বোমা বিস্ফোৰণৰ ফলত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱা তেতিয়াৰ ৰেল মন্ত্ৰী।
  • ১৯৮৭ - হৰেকৃষ্ণ মাহতাব, ‘উৎকল কেশৰী’ নামেৰে পৰিচিত, ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰধান নেতা আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
  • ১৯৮৯ - ছফদাৰ হাছমী, ৰাজপথৰ থিয়েটাৰত অগ্ৰণী কামৰ বাবে পৰিচিত এজন প্ৰখ্যাত মাৰ্ক্সবাদী নাট্যকাৰ আৰু পৰিচালক।জপথৰ থিয়েটাৰত অগ্ৰণী কামৰ বাবে পৰিচিত এজন প্ৰখ্যাত মাৰ্ক্সবাদী নাট্যকাৰ আৰু পৰিচালক।
  • ২০১০ - ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ, গুজৰাটী ভাষাৰ ভাৰতীয় গীতিকবি।
  • ২০২১ - বুটা সিং, ভাৰতীয় ৰাজনীতিবিদ।
  • সশস্ত্ৰ বাহিনীৰ বিজয় দিৱস (কিউবা)।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]